মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ

১০ শতাংশ সামূহিক (Pool Fund)পুঁজিৰ অধীনৰ সুলভ মূল্যৰ গৃহ নিৰ্মাণ প্ৰকল্প

  • ২০১০-১১ বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ গৃহ আৰু দৰিদ্ৰতা প্ৰশমন (Ministry of Housing and Proverty Alleviation) মন্ত্ৰালয়ে অসমৰ ধুবুৰী আৰু শিলচৰ জিলাত আৰ্থিকভাৱে দুৰ্বল আৰু নিম্ন উপাৰ্জনকাৰী শ্ৰেণীৰ বাবে সামৰ্থ্যযোগ্য গৃহ নিৰ্মাণ প্ৰকল্প ৰূপায়ণৰ বাবে ৯৪৭.২২ লাখ টকাৰ অনুমোদন জনায়।

    সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰে প্ৰথম পৰ্যায়ত কেন্দ্ৰীয় পুঁজিৰ অংশ ২৩৬.৮১ লাখ টকা ২০১০-১১ আৰু ৯৪.৭২ লাখ টকা ৰাজ্যিক পুঁজিৰ অংশ হিচাপে ৰাজ্য চৰকাৰে ২০১২-১৩ বৰ্ষত ৩০৪টা আৱাসিক গোট প্ৰকল্প নিৰ্মাণৰ বাবে মোকলাই দিয়ে।

    তলত শ্ৰেণী অনুসৰি মোকলাই দিয়া পুঁজিৰ সূচী –

    ক্ৰমিক নংপ্ৰকল্পৰ নামমুঠ গোটৰ সংখ্যাকেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত ব্যয়ভাৰত চৰকাৰে মোকলাই দিয়া পুঁজি (কেন্দ্ৰীয় পুঁজিৰ অংশ)অসম চৰকাৰে মোকলাই দিয়া পুঁজি (ৰাজ্যিক পুঁজিৰ অংশ)বাকী থকা পৰিমাণ (কেন্দ্ৰীয় পুঁজিৰ অংশ হিচাপে)

    শিলচৰত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে ক্ৰয় সামৰ্থ্য

    ১২৮

    ৩১৭.১৩

    ৭৯.২৮

    ৩১.৭১

    ২০৬.১০

    আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে (ধুবুৰী) ক্ৰয় সামৰ্থ্য

    ৪৮

    ১১৮.৯২

    ২৯.৭৩

    ১১.৮৯

    ৭৭.৩০

    নিম্ন উপাৰ্জনকাৰী লোকৰ বাবে গৃহ (শিলচৰ) ক্ৰয় সামৰ্থ্য

    ৯৬

    ৩৮৩.৩৮

    ৯৫.৮৫

    ৩৩.৮৪

    ২৫৩.৭০

    নিম্ন উপাৰ্জনকাৰী লোকৰ বাবে গৃহ (ধুবুৰী) ক্ৰয় সামৰ্থ্য

    ৩২

    ১২৭.৭৯

    ৩১.৯৫

    ১২.৭৮

    ৮৩.১০

     

    মুঠ

    ৩০৪

    ৯৪৭.২২

    ২৩৬.৮১

    ৯৪.৭২

    ৬১৫.৭০

     

     

                ওপৰত উল্লেখিত আৱাস গোটসমূহৰ কাম আজিৰ তাৰিখত প্ৰায় ৪৪ শতাংশ সম্পূৰ্ণ হৈ উঠিছে। কেন্দ্ৰ আৰু ৰাজ্যিক পুঁজিৰ অংশ হিচাপে লাভ কৰা অনুদানৰ বিপৰীতে কামৰ অগ্ৰগতিৰ খতিয়ানৰ লগতে ব্যৱহাৰিক প্ৰমাণ-পত্ৰ, বিত্তীয় অগ্ৰগতি আৰু ফটোসমূহে (Photographs) ইতিমধ্যে জমা কৰা হৈছে।

                সমান্তৰালভাৱে কেন্দ্ৰীয় পুঁজিৰ দ্বিতীয় পৰ্যায়ৰ অনুদান লাভৰ বাবে অসম চৰকাৰৰ পত্ৰ নং UDD(T) ২১০/২০১৩/৬৯ তাং ০৫/০৭/২০১৪ আৰু UDD(T) ২১০/২০১৩/১০২ তাং ১৪ আগষ্ট,২০১৫ৰ যোগেদি কেন্দ্ৰীয় ৰাজ্যিক পুঁজি ব্যৱহাৰিক প্ৰমাণ-পত্ৰ কেন্দ্ৰীয় চৰকাৰ গৃহ নিৰ্মাণ আৰু নগৰীয়া দৰিদ্ৰতা প্ৰশমন বিভাগ, নিৰ্মাণ ভৱন, নতুন দিল্লী-১১০০১১ত ইতিমধ্যে জমা দিয়া হৈছে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই ক্ষেত্ৰত বৰ্তমানলৈকে কোনো সঁহাৰি লাভ কৰা হোৱা নাই। ইয়াৰ ফলস্বৰূপে অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদে বহু সমস্যাৰ মাজেৰে প্ৰকল্পসমূহৰ কাম পৰিচালনা কৰিব লগা হৈছে আৰু অৰ্থৰ অভাৱত ৪৪ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ পাছতো নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলগীয়া হৈছে। কেন্দ্ৰীয় পুঁজিৰ বাকী থকা অংশ লাভ কৰিবলৈ বিভিন্ন মাধ্যমেৰে যোগাযোগ কৰি থকা হৈছে যদিও এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈও পুঁজি মোকলাই নিদিয়াত পৰিষদে ২০১৩ বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা কামসমূহ বন্ধ ৰাখিবলৈ বাধ্য হৈছে।