মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ

ৰাজ্যিক পৰিকল্পনা আঁচনি

  • ৰাজ্যিক পৰিকল্পনা আঁচনি

    বৰ্তমান সময়ত অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদে মূলতঃ দুটা ৰাজ্যিক পৰিকল্পনা আঁচনি হাতত লৈছে।

    • ভাড়া ঘৰ আঁচনি আৰু
    • আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে জনতা গৃহ আঁচনি।

    ঘৰ ভাড়া আঁচনিৰ অধীনত অসম গৃহ নিৰ্মাণ পৰিষদে সাধাৰণ মানুহৰ বাবে পৰিষদৰ অধীনত থকা মাটিত ৰাজ্য চৰকাৰৰ আৰ্থিক সাহাৰ্য্যৰে নিৰ্মাণ কৰে।

    জনতা গৃহ আঁচনিৰ অধীনত পৰিষদে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকক তেওঁলোকৰ নিজা মাটিতে ঘৰ নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা পুঁজিৰে সাহাৰ্য্য আগবঢ়ায়।

    অৱশ্যে ২০১৭-১৮ বিত্তীয় বৰ্ষত উক্ত যোজনা দুটাৰ বাবে ৰাজ্য চৰকাৰে বাজেটত ধন আবণ্টন নিদিয়াৰ বাবে অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদে গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা ভূমিত ৰাজহুৱা তথা ব্যক্তিগত অংশীদাৰিত্বৰে ভূমি পৰিসৰৰ বিকাশ আৰু বিক্ৰী আঁচনিৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানৰ লগত আলোচনা কৰে।