মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ

সম্পদৰ Non-lapsable কেন্দ্ৰীয় পুল

ভাৰত চৰকাৰৰ গৃহ নিৰ্মাণ আৰু দৰিদ্ৰতা প্ৰশমন মন্ত্ৰালয়ে অসমৰ ধুবুৰী আৰু শিলচৰ জিলাত আৰ্থিকভাৱে দুৰ্বল আৰু উপাৰ্জনকাৰী শ্ৰেণীৰ কাৰণে গৃহ নিৰ্মাণ প্ৰকল্প ৰূপায়ণৰ বাবে ১০ শতাংশ মুঠ হিচাপে দিয়া পুঁজিৰ অধীনত ২০১০-১১ বৰ্ষত ৯৪৭.২২ লাখ টকাৰ অনুমোদন দিয়ে। সমান্তৰালভাৱে ভাৰত চৰকাৰে কেন্দ্ৰীয় পুঁজিৰ প্ৰথম অংশ হিচাপে ২৩৬.৮১ লা টকা ২০১০-১১ বৰ্ষত আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰ অংশ ৯৪.৭২ লাখ টকা ২০১২-১৩ বৰ্ষত শিলচৰ আৰু ধুবুৰী জিলাত আৰ্থিকভাৱে দুৰ্বল আৰু নিম্ন উপাৰ্জনকাৰী শ্ৰেণীৰ বাবে নিৰ্মিত ৩০৪টা গৃহ নিৰ্মাণৰ বাবে মোকলাই দিয়ে।

তলত শ্ৰেণী অনুসৰি মোকলাই দিয়া পুঁজিৰ সূচী দিয়া হল-

ক্ৰমিক নংপ্ৰকল্পৰ নামমুঠ গোটৰ সংখ্যাকেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত ব্যয়ভাৰত চৰকাৰে মোকলাই দিয়া পুঁজি (কেন্দ্ৰীয় পুঁজিৰ অংশ)অসম চৰকাৰে মোকলাই দিয়া পুঁজি (ৰাজ্যিক পুঁজিৰ অংশ)বাকী থকা পৰিমাণ (কেন্দ্ৰীয় পুঁজিৰ অংশ হিচাপে)

শিলচৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে সুলভ মূল্যৰ গৃহ

১২৮

৩১৭.১৩

৭৯.২৮

৩১.৭১

২০৬.১০

ধুবুৰীৰ নিম্ন উপাৰ্জনকাৰী গোটৰ বাবে সুলভ মূল্যৰ গৃহ

 

৪৮

১১৮.৯২

২৯.৭৩

১১.৮৯

৭৭.৩০

শিলচৰৰ নিম্ন উপাৰ্জনকাৰী গোটৰ বাবে সুলভ মূল্যৰ গৃহ

 

৯৬

৩৮৩.৩৮

৯৫.৮৫

৩৩.৮৪

২৫৩.৭০

ধুবুৰীৰ নিম্ন উপাৰ্জনকাৰী গোটৰ বাবে সুলভ মূল্যৰ গৃহ

 

৩২

১২৭.৭৯

৩১.৯৫

১২.৭৮

৮৩.১০

 

মুঠ

৩০৪টা গোট

৯৪৭.২২

২৩৬.৮১

৯৪.৭২

৬১৫.৭০

 

 

            ওপৰত উল্লেখিত আৱাস গোটসমূহৰ কাম আজিৰ তাৰিখত প্ৰায় ৪৪ শতাংশ সম্পূৰ্ণ হৈ উঠিছে। কেন্দ্ৰ আৰু ৰাজ্যিক পুঁজিৰ অংশ হিচাপে লাভ কৰা অনুদানৰ বিপৰীতে কামৰ অগ্ৰগতিৰ খতিয়ানৰ লগতে ব্যৱহাৰিক প্ৰমাণ-পত্ৰ, বিত্তীয় অগ্ৰগতি আৰু ফটোসমূহ (Photographs) ইতিমধ্যে জমা কৰা হৈছে।

            সমান্তৰালভাৱে কেন্দ্ৰীয় পুঁজিৰ দ্বিতীয় পৰ্যায়ৰ অনুদান লাভৰ বাবে অসম চৰকাৰৰ পত্ৰ নং UDD(T) ২১০/২০১৩/৬৯ তাং ০৫/০৭/২০১৪ আৰু UDD(T) ২১০/২০১৩/১০২ তাং ১৪ আগষ্ট,২০১৫ৰ যোগেদি কেন্দ্ৰীয় ৰাজ্যিক পুঁজি ব্যৱহাৰিক প্ৰমাণ-পত্ৰ কেন্দ্ৰীয় চৰকাৰ গৃহ নিৰ্মাণ আৰু নগৰীয়া দৰিদ্ৰতা প্ৰশমন বিভাগ, নিৰ্মাণ ভৱন, নতুন দিল্লী-১১০০১১ত ইতিমধ্যে জমা দিয়া হৈছে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই ক্ষেত্ৰত বৰ্তমানলৈকে কোনো সঁহাৰি লাভ কৰা হোৱা নাই। ইয়াৰ ফলস্বৰূপে অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদে বহু সমস্যাৰ মাজেৰে প্ৰকল্পসমূহৰ কাম পৰিচালনা কৰিব লগা হৈছে আৰু অৰ্থৰ অভাৱত ৪৪ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ পাছতো নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলগীয়া হৈছে। কেন্দ্ৰীয় পুঁজিৰ বাকী থকা অংশ লাভ কৰিবলৈ বিভিন্ন মাধ্যমেৰে যোগাযোগ কৰি থকা হৈছে যদিও এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈও পুঁজি মোকলাই নিদিয়াত পৰিষদে ২০১৩ বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা কামসমূহ বন্ধ ৰাখিবলৈ বাধ্য হৈছে।