মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ

আশ্ৰয় আবাসৰ বাবে কেনেকৈ আবেদন কৰিব

ভাড়া আৱাস আঁচনিৰ অধীনত ফ্লেটৰ আবণ্টনৰ কাৰণে আবেদন নিৰ্দ্ধাৰিত ফৰ্ম অনুসৰি কৰিব পৰা যাব যি আয়ুক্তৰ কাৰ্য্যালয়, অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ, ৰাধা গোবিন্দ বৰুৱা পথ, গুৱাহাটী-০৫, জিলা- কামৰূপ(ম), অসমত পোৱা যাব।

 এজন ব্যক্তি যাৰ নিজৰ নামত সংশ্লিষ্ট নগৰ এলেকাত কোনো ঘৰ/ফ্লেট/মাটি নাই, যত আৱাসৰ কাৰণে বিচৰা হৈছে, কেৱল ভাড়াত থাকিবৰ কাৰণে আবেদন কৰিব পাৰে।

বৰ্তমান ভাড়াত আবণ্টন দিবৰ বাবে কোনো ফ্লেট খালি নাই।

পৰিষদে ভাড়া আৱাস আঁচনিখনক স্বামিত্ব আঁচনিলৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে। নিজৰ সম্পত্তিৰ মূল্যাংকণ নিৰূপন কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু মঞ্জুৰীৰ কাৰণে প্ৰস্তাৱটো চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে।