মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ

ভবিষ্যদৰ্শন আৰু অভিযান

অসম গৃহ নিৰ্মাণ পৰিষদে বৰ্তমানৰ ভাড়া গৃহ আঁচনিখন স্থগিত ৰাখিবলৈ গুণাগঁথা কৰিছে। মূলতঃ নিম্ন হাৰে মুনাফা আৰু উচ্চ হাৰৰ তদাৰকী খৰচেই ইয়াৰ কাৰণ। উল্লেখযোগ্য যে ঘৰসমূহৰ বাবে নিৰ্দ্ধাৰিত ভাড়া অতি নিম্নহাৰৰ।

            সেয়ে পৰিষদে ভাড়া ঘৰৰ ঠাইত পশ্চিম বংগৰ গৃহ নিৰ্মাণ পৰিষদৰ আৰ্হিত ব্যক্তিখণ্ডৰ লগত যৌথভাৱে মালিকাধীন (Ownership) আৱাস নিৰ্মাণৰ সিদ্ধান্ত লৈছে। নিম্ন, মধ্য, নিয়মীয়া উপাৰ্জনকাৰী আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকে এইসমূহ ক্ৰয় কৰিব পাৰিব।