মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ

নতুন আঁচনিৰ বাবে প্ৰস্তাৱ

নতুন আঁচনিৰ বাবে প্ৰস্তাৱ

  • অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদে ইয়াৰ মুখ্য কাৰ্যালয়ত এটা প্ৰকল্প হাতত লৈছে। এই প্ৰকল্পৰ যোগেদি এটা বহু-মহলীয়া কাৰ্যালয় তথা ব্যৱসায়িক অট্টালিকা গঢ়ি তোলা হব। অট্টালিকাটোত নিগমৰ নিজা কাৰ্যালয় থকাৰ উপৰি অন্যান্য কাৰ্যালয়/বেংক/ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পৰাকৈ সুবিধা থাকিব। পৰিচালনাৰ পৰামৰ্শ মতে ইতিমধ্যে প্ৰস্তাৱ (Request for proposal, RFP) নিবেদন কৰা হৈছে। অতি শীঘ্ৰে ইয়াক সম্পূৰ্ণ কৰা হব।
  • অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদে প্ৰকল্প বৃহত্ সুলভ মূল্যৰ গৃহ নিৰ্মাণ আঁচনি হাতত লবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে বিপদসংকুলভাৱে পৰিবেশ সংবেদনশীল মণ্ডলত বাস কৰা লোকসকলক সংস্থাপিত কৰিব পাৰে। কামৰূপ (গ্ৰাম্য)/কামৰূপ (মেট্ৰ’) আৰু মৰিগাঁও জিলা উপায়ুক্তক এই প্ৰকল্পৰ বাবে ভূমি আবণ্টন দিবলৈ অনুৰোধ কৰা হৈছে।
  • পৰিষদে – (ক) গুৱাহাটী আৰু ইয়াৰ আশে পাশে বৃহত্ ভূমি উন্নয়ন প্ৰকল্প, (খ) আৱাসিক ভূমিখণ্ড বিকাশ আৰু ডিব্ৰুগড়ত ব্যৱসায়িক প্ৰকল্প -এই দুটা হাতত লবলৈ গৈ আছে।
  • পৰিষদে গুৱাহাটীৰ কৃষ্ণনগৰ আৰু চানমানিৰত থকা নিজা মাটিত আৱাসিক সমষ্টি (Residential Complex) এটা সাজিবলৈ প্ৰস্তাৱ লৈছে। এই প্ৰকল্প ব্যক্তিগত খণ্ডৰ লগত যৌথভাৱে কৰা হব। অতি সোনকালে ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ পৰা নিবিদা আহ্বান কৰা হব (Invitation for Bid – IFB)
  • পৰিষদে মৰিগাঁৱত থকা নিজা মাটিত ক্ৰয় সামৰ্থ্য আৱাসিক চৌহদ এটা সাজি উলিয়াব। প্ৰকল্পটো  ব্যক্তিগত খণ্ডৰ লগতে যৌথভাৱে আহ্বান কৰা হব। সোনকালেই ব্যক্তিগত খণ্ডসমূহৰ পৰা নিবিদা আহ্বান কৰা হব। ইতিমধ্যে প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় জৰীপ কৰা হৈ গৈছে।